Sale!

জীৱন আৰু অন্বেষণ (Jiwan Aru Anweshan )

550.00 495.00

Description

সমাজবিজ্ঞানী ড” প্রফুল্ল মহন্ত অসমৰ বৌদ্ধিক সমাজৰ প্রথম শাৰীত থকা এগৰাকী সমল ব্যক্তি। গবেষণালব্ধ কাম কাজৰ জৰিয়তে যি মূল্যবান সৃষ্টিৰাজি তেওঁ অসমৰ গ্ৰন্থৰ জগতখনলৈ আগবঢ়াইছে সেয়া ভবিষ্যৎ প্রজন্মসমূহৰ বাবে হৈ থাকিব পাথেয় আৰু অনুকৰণীয়। ‘অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস’ৰ পৰা আৰম্ভ কৰি অসমীয়া জাতীয়তাবাদৰ উৎস প্রসংগ’, ‘জনগোষ্ঠীয় চেতনা : আত্মপ্ৰতিষ্ঠাৰ প্রশ্ন’, ‘বিটিএডিত বড়োসকলৰ ৰাজনৈতিক প্রাধান্যৰ সুৰক্ষাৰ প্রশ্ন’, ‘আধুনিক অসমীয়া সাহিত্য : সামাজিক-বৌদ্ধিক পটভূমি আৰু অন্যান্য’ আদিকে ধৰি এঘাৰখন মূল্যৱান গৱেষণা গ্ৰন্থৰ স্ৰষ্টা ড° মহন্ত। কোনো গৱেষণাই চূড়ান্ত সত্য নহয়। কিন্তু ড° প্রফুল্ল মহন্তৰ এই গ্রন্থসমূহে গৱেষণাৰ ক্ষেত্ৰখনত ভৱিষ্যতৰ বাট মুকলি কৰিছে। এইক্ষেত্ৰত নিঃসন্দেহে তেওঁ এগৰাকী বাটকটীয়া। ইয়াৰ উপৰি দুৰাৰোগ্য ব্যাধিৰ সৈতে যুঁজি তেওঁ বিৰামহীনভাৱে চলাই আছে কলম। সংবাদপত্রসমূহত প্রবাহিত বিষয়ৰ ওপৰত ড° মহন্তই লিখি আছে চিন্তাগধুৰ নিবন্ধ। বিভিন্ন ইস্যুৰ ওপৰত আগবঢ়াইছে নির্মোহ বিশেষণ। অকল সেয়াই নহয়, সময় আৰু পৰিস্থিতিত সৃষ্টি হোৱা অনুভূতিৰ তাড়নাই ড° মহন্তক উপন্যাসৰ ক্ষেত্ৰখনতো হাত দিবলৈ বাধ্য কৰাইছিল। ইয়াৰ ফচল হ’ল ‘সোণাইৰ সোঁত’, ইতিহাসে ৰিঙিয়ায়’ আৰু ‘মিলিত প্রয়াস। অসামান্য প্ৰতিভাৰ আকৰ তথা নিলস সাধনাৰ খনিকৰ ড° মহন্তৰ জীৱনৰ বিভিন্ন দিশ সামৰি গুণমুগ্ধসকলে লিখা লিখনিৰ সমাহাৰ এয়া— ‘ড° প্রফুল্ল মহন্ত : জীৱন আৰু অন্বেষণ।’

 

Reviews

There are no reviews yet.

Be the first to review “জীৱন আৰু অন্বেষণ (Jiwan Aru Anweshan )”

Your email address will not be published. Required fields are marked *