Sale!

ত্ৰিলোক আখ্যান (Trilok Akhyan)

225.00 200.00

Description

‘ত্রিলোক আখ্যান’ গ্ৰন্থখনিত ত্রিলোকৰ কেইটামান কাহিনীক সজাই পৰাই পাঠক সমাজৰ বাবে আগবঢ়াই দিয়া হৈছে। কাহিনী সমূহ লিখোঁতে বিভিন্ন ধর্মগ্রন্থ, ভাগৱত, পুৰাণ, গীতা, কীর্তন, দশম আদিৰ সহায় লোৱা হৈছে।

বিভিন্ন ধর্মগ্রন্থত একেটা কাহিনীৰেই ভিন্ন ৰূপও থাকে। সেয়ে কাহিনীসমূহ কিছু কিছু ক্ষেত্ৰত মূল কাহিনীতকৈ সামান্য পৰিমাণে পৃথক হ’ব পাৰে।

আধ্যাত্মিকতাবাদত বিশ্বাসী ভাৰতীয়ৰ অন্তৰত ট্ৰেজেডিৰ স্থান নাই। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয় মহাভাৰতৰ এইষাৰ বাক্য প্রোথিত হৈ থাকে লোকজনৰ অন্তৰত। এই বিশ্বাসে কাহিনীসমূহক গতি প্ৰদান কৰিছে। আধ্যাত্মিক ভাৱধাৰাকে মূল হিচাপে লৈ ৰচনা কৰা গ্ৰন্থখনে পাঠক সমাজৰ অন্তৰত সামান্য পৰিমাণেও ঈশ্বৰ ভক্তিৰ পবিত্র ভাবধাৰা কঢ়িয়াই আনি পৰম সুখ, শান্তি প্রদান কৰিব নিশ্চয়।

লেখক – ৰেখামণি বড়া

Reviews

There are no reviews yet.

Be the first to review “ত্ৰিলোক আখ্যান (Trilok Akhyan)”

Your email address will not be published. Required fields are marked *