Description
জ্যোৎস্না বৰুৱাৰ লেখা মানেই উপলব্ধিৰ গভীৰতা, অনুভৱৰ তীব্ৰতা আৰু স্বকীয় গদ্যশৈলীৰে ৰচনা কৰা বিচিত্র অভিজ্ঞতাৰ এক অনুপম দলিল। গভীৰ জীৱনবোধ, তীব্ৰ জীৱন-লিপ্সা, প্রগাঢ় প্রকৃতি প্ৰেম আৰু ব্যাপক পুথি অধ্যয়নৰ জৰিয়তে জীৱনটোক অৰ্থৱহ আৰু প্ৰাণৱন্ত কৰি ৰখাৰ অভিনৱ কৌশল এই গ্ৰন্থখনত সন্নিৱিষ্ট ৰচনাবোৰে বহন কৰিছে। অসমীয়া বাতৰিকাকতত ইতিমধ্যে প্রকাশিত তেওঁৰ বুদ্ধিদীপ্ত, চিন্তাশীল আৰু মননশীল ৰচনাবোৰে অসমীয়া সাহিত্য জগতত নতুন ৰূপত এক অনন্য মাত্রা প্রদান কৰিছে।
পূৰ্বে জ্যোতি প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত জ্যোৎস্না বৰুৱাৰ ‘নীৰৱতাৰ স্পন্দন’ (চেপ্তেম্বৰ ২০১৫) গ্ৰন্থখনে বৌদ্ধিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁৰ আন এখন গ্ৰন্থ ‘জীৱনৰ সত্য আৰু সুন্দৰ’ (চেপ্তেম্বৰ ২০২১) আঁক-বাক প্ৰকাশনে প্ৰকাশ কৰিছে।
এই গ্ৰন্থখনিয়েও অসমৰ পঢ়ুৱৈ সমাজৰ আশীৰ্বাদ লাভ কৰিববুলি আশা কৰিব পাৰি।
Reviews
There are no reviews yet.