Sale!

ভূমি জৰীপ পদ্ধতি (Bhumi Jareep Paddhati)

250.00 225.00

Description

সাম্প্ৰতিক সময়ৰ এগৰাকী চিন্তাশীল লেখক ৰূপক জি. দুৱৰাৰ বিভিন্ন লেখনী অসমীয়া প্রতিদিন, অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি, প্রান্তিক, নন্দিনী, বিস্ময়, The Sentinel, The Hills Times, The Assam Rising আদি কাকত-আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। গোলাঘাট, মেৰাপানী, ডিমাপুৰ, ঝুনহেবট’ আদি বিভিন্ন ঠাইত শিক্ষক হিচাপে সেৱা আগবঢ়োৱা দুৱৰাই ২০০৫ চনত Air Indiaই আগবঢ়োৱা কৃতী শিক্ষকৰ ‘Broad Outlook Learner Teacher Award (BOLT) বঁটা আৰু ২০২০ চনত গুৱাহাটীৰ এটা সাহিত্য সংগঠনে আগবঢ়োৱা অন্যতম শ্রেষ্ঠ কবি হিচাপে ‘বন্ধুচাকি’ বঁটা লাভ কৰিছিল। তেখেতে ২০১৩ চনত ৰাষ্ট্ৰীয় ভূমিলেখ্য আধুনিকীকৰণ আঁচনি (NLRMP) ৰ অধীনত আধুনিক জৰীপ’ৰ এক প্রশিক্ষণ গ্রহণ কৰে আৰু ২০২২ চনত গুৱাহাটীত অনুষ্ঠিত ‘Geospatial Technology শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰত অংশ লয়। বৰ্তমান অসম চৰকাৰৰ ৰাজহ বিভাগত কৰ্মৰত দুৱৰাৰ ইতিপূর্বে প্রকাশিত গ্রন্থ হ’ল “আমাৰ বাহাটী’, ‘আমাৰ গোলাঘাট’ , ‘গোলাঘাটৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তি’, ‘পৰো-অপকাৰ’ (গল্প সংকলন) আৰু ‘An Introduction to Modern Method of Survey’

এই গ্ৰন্থখনিয়েও পাঠকৰ মাজত সমাদৰ লাভ কৰিব বুলি আমি আশাবাদী।

লেখক: ৰূপক জি. দুৱৰা, MA, DLIS

Reviews

There are no reviews yet.

Be the first to review “ভূমি জৰীপ পদ্ধতি (Bhumi Jareep Paddhati)”

Your email address will not be published. Required fields are marked *