Description
মানুহে কিয় কোনোবাই সফলতা পালে তাতো দুখৰ কাহিনী বিচাৰি ফুৰে? কিয় টি ভিত চিঞৰি চিঞৰি কয়— ঠেলাবালাৰ সন্তান— পাণ দোকানীৰ সন্তান— হাজিৰা কৰি পোহপাল দিয়া মানুহৰ সন্তান— এইবোৰ জানো ৰাজহুৱাভাবে চিঞৰি চিঞৰি কোৱা কথা? দেখুওৱা বিষয়?
***
‘গছিপ ইজ আ পার্ট অৱ চিভিলাইজেছন। পৰচৰ্চা থাকিব। মানুহে বেয়া কথা পাতিবই। কিমানৰ মুখ বন্ধ কৰিবা ? দৰকাৰনো কি? সেইবোৰ ফ্ৰাষ্ট্রেটেড মানুহ। পৰচৰ্চা সিহঁতৰ কাৰণে একপ্ৰকাৰৰ কপিং মেকানিজম। চাইড এফেক্ট একা লাইফ চেভিং মেডিচিনৰ দৰে। ইমবেলেন্সৰ ফেলত বহি থকা মানুহ সেইবোৰ। গছিপে সিহঁতক চাইকছিছৰ ফালে পৰি নোযোৱাকৈ ধৰি ৰাখে। মাথা ঠিক ৰখাৰ এটা কায়দা আৰু।”
****
পিতৃ কাক কয় অঞ্জলিয়ে নাজানে। পিতৃ স্নেহ নামৰ শব্দটোৰ পৰা সম্পূর্ণ বঞ্চিত অঞ্জলি। পিতৃ শব্দটোৰ লগত জড়িত থকা সকলো কথাৰ পৰাই বঞ্চিত।
মাত্র জানো পিতৃত্ব? মাতৃত্বওতো অঞ্জলিৰ কাৰণে এটা বুজি নোপোৱা বিন্যাসৰ দৰেই। কাৰণ প্রায় বোধহীন মানুহক ঘেৰি গঢ়ি উঠা অনিশ্চয়তা, অসম্মান আৰু অশ্লীলতাই সিহঁতক জন্ম হোৱাৰ পৰাই যোগাই আহিছে গঢ়ি উঠাৰ ৰচদ।
লেখক – ৰীতা চৌধুৰী
Reviews
There are no reviews yet.