Additional information
Weight | .300 kg |
---|---|
Dimensions | 21 × 14 × 1 cm |
₹225.00 ₹199.00
গুৱাহাটী মহানগৰীৰ বুকুৰে জাবৰ-জোঁথৰৰ মেটমৰা ভাৰ লৈ বৈ থকা পুতিগন্ধময় ভৰলু এখন ৰাংঢালী নদী আছিল । যাৰ দুয়ো পাৰৰ আঘোণীয়া পথাৰত কৃষকে সোণগুটি চপাইছিল। ভৰলুপৰীয়া বিৱৰ্তনৰ এই ছবিখনেই– বাখৰুৱা ভৰলু, য’ত দুটা পুৰুষৰ প্ৰেম-ভালপোৱা, সংঘাট আৰু জীৱনবোধৰ দ্বন্দ প্ৰাঞ্জল ভাষা আৰু সাৱলীল বাকভঙ্গীৰে লেখকে প্ৰকাশ কৰিছে । উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল বৈচিত্ৰপূৰ্ণ চিত্ৰাঙ্কন । লেখকৰ কলমত কেতিয়াবা যদি ইতিহাসৰ পূৰ্ণ কথন কেতিয়াবা আকৌ ঘটিছে ইতিহাসৰ দলিলিকৰণ আৰু উপন্যাসখনলৈ সেই ঘটনাক্ৰমৰ অসামান্য ৰূপান্তৰ । বশিষ্ঠ মন্দিৰৰ পাদদেশৰ চাহ বাগিছা ৰ গাভৰু শিৱানী আৰু জাপৰিগোগৰ ডেকা আৰু আজিৰ বৰপথাৰৰ দুবৰি আৰু পলৰ অনবদ্য প্ৰেম কাহিনী প্ৰাণ পাই উঠিছে লেখকৰ নিপুণ,সজীৱ আৰু উমাল বৰ্ণনাৰ মাজেৰে–‘বাখৰুৱা ভৰলু’ত।
Reviews
There are no reviews yet.